close
Bahudiner Agete Godhulir Belate Lyrics & Chords By Bhupen Hazarika
LyricsView Chords
printDownload as PdfPdf
বহুদিনৰ আগতে
গধূলিৰে পৰতে
তোমাৰ ৰূপহ শিখা দেখা
আজিও পৰে মনত হে।
মোৰে সৰু পঁজাতে
নেমেলা খিৰিকীতে
তুমি আহি মাত দিলা
ধুনীয়া নিশাতে
কʼলীয়া ধুমুহাৰে
শত শত বিপদে
তোমাৰ মোৰ সপোনখিনি
কঁপালে গছকতে।
আমাৰ চেনেহ সাগৰৰে
দেখি সাহস জোৱাৰতে
বিপদৰ ধুমুহাই পলালে পলকতে
বহুদিনৰ আগতে
আজি ৰভা তলীতে
নামৰে জাউৰিয়ে
(ঐ ৰাম)
তোমাক মোকে বান্ধিছে
দুটিৰ বিবাহ ডোলতে।
বহুদিনৰ আগতে
গধুলিৰে পৰতে
তোমাৰ ৰূপহ শিখা দেখা
আজি পৰে মনতে
বহুদিনৰ আগতে