close
Nekandiba Lyrics & Chords By Bhupen Hazarika
LyricsView Chords
printDownload as PdfPdf
নেকান্দিবা নেকান্দিবা মোৰে নতুন কইনা
পাহাৰ বগাই ধৰি আনিম তুমি খোজা মইনা মইনা
নেকান্দিবা কইনা।
আনৰে সোণ লুকুৱাবলৈ - পিতায়ে শিক্ষা নিদিলে
সমাজৰ ধন চান কাঢ়িবলৈ - আয়ে শিক্ষা নিদিলে
কুবেৰৰো পো নহলোঁ দিবলৈ সোণ গহনা
পাহাৰ বগাই ধৰি আনিম
এটি জীয়া মইনা
মইনা
নেকান্দিবা কইনা।
ধনীৰ ঘৰত পৰাহেঁতেন, আজি তুমি কইনা
পেৰা ভৰাই মণি-কেৰু পালাহেঁতেন কতনা
(আজি) পাহৰিব খোজা যদি পেটৰ ভোকৰ যাতনা
দেখুৱাব পাৰোঁ মই কংশবধৰ ভাওনা ভাওনা
নেকান্দিবা কইনা।
আনক মাৰি ধন সাঁচিবলৈ - গুৰুৱে শিক্ষা নিদিলে
মিঠাতেলত বিহ ঢালিবলৈ - গুৰুৱে শিক্ষা নিদিলে
আগলি বাঁহৰে যদি লাহৰী গগনা
শুনিব খুজিছা তুমি বজাই শুনাম মইনা
মইনা
নেকান্দিবা কইনা।।