close

Pratidhwani Suni Lyrics & Chords By Bhupen Hazarika

LyricsView Chords

প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো
মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ
নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো |
কাণ পাতি শুনো মই বুজিব নোৱাৰো
চকু মেলি চাওঁ মই মনিব নোৱাৰো
চকু মুদি ভাবো মই ধৰিব নোৱাৰো
হেজাৰ পাহাৰ মই বগাব নেজানো
নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো |
হ'ব পাৰে কোনো গাভৰুৰ শোক ভৰা কথা
হ'ব পাৰে কোনো আইতাৰ নিশাৰ সাধু কথা
হ'ব পাৰে কোনো ৰংমনৰ কঠীয়াতলীৰ বেথা
চিনা চিনা সুৰটিক চিনিব নেজানো
নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো |
শেষ হ'ল কোনো গাভৰুৰ শোক ভৰা কথা
শেষ হ'ল কোনো আইতাৰ নিশাৰ সাধু কথা
শেষ হ'ল কোনো ৰংমনৰ কঠীয়াতলীৰ বেথা
চিনা চিনা সুৰটিক চিনিব নাজানো
নতুন চিঞৰটিৰ প্ৰতিধ্বনি শুনো |
মোৰ ক'লা চুলিত ৰাতিপুৱাৰ ৰঙা ৰ'দ পৰে
চকুৰ আগৰ কুঁৱলিবোৰ ভয়ত উৰা মাৰে
জাগি উঠা মানুহে হেজাৰ চিঞঁৰ মাৰে
তাতে ঠেকা লাগি হেজাৰ পাহাৰ ভাগি পৰে
মানৱ সাগৰত কোলাহল শুনো
নতুন চিঞৰটিৰ প্ৰতিধ্বনি শুনো
প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো|

Tracks related to pratidhwani suni - bhupen hazarika

i volunteer

by: collin raye

very best friend

by: hot rod circuit

samayer agragatir

by: bhupen hazarika

tarana

by: shubha mudgal

abhi nahin aana

by: sona mohapatra

kabira

by: rekha bhardwaj

raha dekhe

by: shubha mudgal

ambarsariya

by: sona mohapatra

daav laga

by: sona mohapatra

madhushala

by: manna dey

roop tera mastana

by: s. d. burman

om namah shivay

by: suresh wadkar

stillness of the lake

by: shivkumar sharma

bandhu

by: anjan dutta

mountain love song

by: shivkumar sharma

bristi

by: anjan dutta

chingari

by: rekha bhardwaj

tumi na thakle

by: anjan dutta

dewdrops

by: shivkumar sharma

nadiya chale

by: manna dey

amar jaanlaa

by: anjan dutta

dohe

by: suresh wadkar

kabira

by: rekha bhardwaj

patjhad

by: shubha mudgal

close
Sign in person Home A to Z All Artists Top Artists Top Tracks