close
Ganga Amar Ma Lyrics & Chords By Bhupen Hazarika
LyricsView Chords
printDownload as PdfPdf
গংগা মোৰ মা
পদ্মা মোৰ মা
মোৰ চকুলোৰে দুটি ধাৰা
মেঘনা যমুনা।
একে আকাশ একে বতাহ
দুই কলিজাত একে উশাহ
দুটি চৰাইৰ দুটি মাতত
একেই মুৰ্ছনা।।
অʼমোৰ চকুৰোৰে দুটি ধাৰা
মেঘনা যমুনা।
ইপাৰ সিপাৰ কোন পাৰে নেজানো
মই চৌদিশতে আছো
লুইততে নাও মেলিও পদ্মাৰ
ভাটিয়ালী ৰচো
ৰাজহংস পাখি মেলি দুই নদীতে নাচো
ইপাৰ সিপাৰ কোন পাৰে নেজানো
মই চৌদিশতে আছো।
একে প্ৰেম একে আশা
কান্দোন হাঁহিৰ একে ভাষা
সুখ দুখৰ বুকুৰ মাজত
একে যন্ত্ৰণা
অʼ মোৰ চকুলোৰে দুটি ধাৰা
মেঘনা যমুনা।।