close
Harodi Rani Tumar Lyrics & Chords By Bhupen Hazarika
LyricsView Chords
printDownload as PdfPdf
শাৰদী ৰাণী
তোমাৰ হেনো নাম
তুমি মোৰ নিচেই আপোন
সদ্যস্নাতা ৰূপহী মোৰ
পুৱতী নিশাৰ সপোন
শুভ্রনীলা ওৰণিখনি
কুঁৱলী সূতাৰে বোৱা
পাতল ৰিহাখনি
থৰ লগা বিলখনি
তোমাৰ শুৱনি দাপোণ
কপাহ মেঘৰ অহা যোৱা
সেউজী ঘাঁহৰ হিমানী
সোণালী ৰ'দ, শৰালিৰে জাক
তুমিয়েই আনিলা কিজানি
শেৱালি কোমল হাঁহিটি মাৰি
কৰাহি সাজোন কাচোন ।